NORTHEAST NOW (Assamese)
অসম

গৌৰীসাগৰত শিঙৰাত জানত পৰি সলিল সমাধি যুৱকৰ

Posted by: ৰাজীৱ দত্ত August 11, 2018 10:46 pm
গৌৰীসাগৰত শিঙৰাত জানত পৰি সলিল সমাধি যুৱকৰ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং নামদাং গোহাঁই গাৱঁৰ ঋতুৰাজ বুঢ়াগোহাঁই নামৰ যুৱকজনৰ আজি শিঙৰা জানত পৰি সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষতে থকা শিঙৰা জানত কঠীয়া উটি অহা দেখা পাই ঋতুৰাজ নামৰ যুৱকজনে কঠীয়া ধৰিবলৈ গৈ নদীত হঠাৎ পিছলি পৰে। ফলত জানটোৰ প্ৰবল সোঁঁতে ঋতুৰাজক উটুৱাই লৈ যায় আৰু যুৱকজনে কৰুণ মৃত্যুক সাবটি লগা হয়।

আনহাতে পৰিয়ালৰ লোকে যুৱকজনক বিচাৰ-খোচাৰ কৰে যদিও বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱাত পৰৱৰ্তী সময়ত গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে।

লগে লগে শিৱসাগৰৰ পৰা অহা এছ ডি আৰ এফ বাহিনীয়ে ১ ঘণ্টা ধৰি অভিযান চলাই অৱশেষত শিঙৰা জানটোৰ ইটা খুলী নামৰ ঠাইত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিচত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।