NORTHEAST NOW (Assamese)
অসম

৬ কোটি টকাৰ আফিং জব্দ কামৰূপ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 8, 2023 1:31 pm

বুধবাৰে প্ৰায় ৩০ কেজি পৰিমাণৰ ৬ কোটি টকাৰ আফিং জব্দ কৰে কামৰূপ মহানগৰ আৰক্ষীয়ে।

কামৰূপ আৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) এখন বলেৰ’ পিক আপ বাহন আটক কৰি এই বৃহৎ পৰিমাণৰ আফিং খিনি উদ্ধাৰ কৰে।

জানিব পৰা মতে এই বাহনখনে মণিপুৰৰ পৰা আফিং খিনি কঢ়িয়াই আনিছিল। 

মণিপুৰৰ পৰা আফিং আনি থকা এই বাহনখন আমিনগাঁও অঞ্চলত জব্দ কৰা হয়।

কামৰূপ আৰক্ষী আৰু এছটিএফে গোপন সূত্ৰৰ পম খেদি আফিংখিনি উদ্ধাৰ কৰে।

আৰক্ষী সূত্ৰ অনুসিৰ, ধৃত আফিং সৰবৰাহকাৰীকেইজন হ’ল মণ্টুল আলী, আইজুল হক, মহম্মদ ছফিকুল আলী আৰু ৰাজু আলী।