NORTHEAST NOW (Assamese)

গোৱালপাৰাত জিলা পৰিষদ গঠনৰ দিশে কংগ্ৰেছ; বিজেপিৰ ৩খন, অগপ ০

December 15, 2018 2:53 pm · নীলমণি শৰ্মা
Updated: December 15, 2018 3:08 pm
প্ৰতিনিধিত্বমূলক ছবি।

একক সংখ্যাগৰিষ্ঠতা নাপালেও সৰ্বাধিক আসন পোৱাৰ বলত গোৱালপাৰা জিলা পৰিষদ দখলৰ কুছকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে।

ইতিমধ্যে আটাইকেইখন জিলা পৰিষদৰ আসনৰ ফলাফল ঘোষিত হোৱা জিলাখনত মুঠ ১৬খন আসনৰ ৭খনত বিজয় সাব্যস্ত কৰিছে বিৰোধী দল কংগ্ৰেছে।

শাসকীয় দল বিজেপিৰ লগতে এ আই ইউ ডি এফে আৰু  নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে ৩খনকৈ আসন। নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত এগৰাকী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু আন এগৰাকী এ আই ইউ ডি এফ সমৰ্থিত প্ৰাৰ্থী৷

বিজয়ী প্ৰাৰ্থীসকল হৈছে– ভাচানীপাৰা জিলা পৰিষদত পাৰবিন ফৰিদা আহমেদ (কংগ্ৰেছ), দ্বাৰকাত পৱিত্ৰ ৰাভা (ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী), কুশধোৱাত কুশধ্বজ ৰংখ (বিজেপি), চুনাৰীত মেহেৰা খাতুন (কংগ্ৰেছ), কৃষ্ণাইত ববিতা বেগম (কংগ্ৰেছ), মাটিয়াত তন্দ্ৰা চাংমা (কংগ্ৰেছ), ৰংজুলিত দিগন্ত কুমাৰ মেধি (কংগ্ৰেছ), জলেশ্বৰত ফিৰোজা বেগম(এ আই ইউ ডি এফ), দদানত পৰ্চিয়া ৰংখ (এ আই ইউ ডি এফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী), ধূপধাৰাত প্ৰহ্লাদ বসুমতাৰী (বিজেপি), শ্ৰীসূৰ্য্যগিৰীত শ্বৰিফা আহমেদ (নিৰ্দলীয়), আমবাৰীত বুলুন নেহাৰ জোদ্দাৰ(কংগ্ৰেছ), আগিয়াত ডেমজিয়া মাৰাক (কংগ্ৰেছ), বদাহপুৰত ৰূপালী ৰাভা (বিজেপি), টাকিমাৰীত আফতাবুল আম্বিয়া মোল্লা (এ আই ইউ ডি এফ) আৰু ৰাজমিতাত সুলোচন ৰাভা (এ আই ইউ ডি এফ)৷

জিলাখনত এখনো পৰিষদ দখল কৰিবলৈ সক্ষম নহ’ল শাসকীয় দল অগপই৷

Related News