NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত পঞ্চায়তৰ নিৰ্বাচনী দায়িত্ববাহী কৰ্মচাৰীৰ ৩০টা পিক-আপ পইণ্ট

Posted by: এন ই নাও নিউজ December 2, 2018 10:43 pm
assam panchayat election

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ববাহী কৰ্মচাৰীৰ যাতায়াতৰ বাবে মুঠ ৩০ টা স্থান নিৰ্ণয় কৰা হৈছে।

পৰিবহণ কোষৰ পৰা যাব লগা বাহনসমূহে এই স্থানসমূহৰ পৰা বিষয়া-কৰ্মচাৰীসকলক সংগ্ৰহ কৰি উপায়ুক্ত কাৰ্য্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়াই দেওবাৰে নৰ্থ ইষ্ট নাও-ক এই কথা জনায়।

৪ ডিচেম্বৰৰ পুৱা ৬ বজাত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে নিৰ্দ্ধাৰিত ৩০ টা স্থান ক্ৰমে টৌভঙা চেণ্টাৰ, জামুগুৰিহাট চেন্টাৰ-১ আৰু ২, ইটাখোলা চেণ্টাৰ, নাগশংকৰ চেণ্টাৰ, দলংগুৰি চেণ্টাৰ, কৰৈয়নী চেণ্টাৰ, ৰঙাচকুৱা চেণ্টাৰ, চতিয়া চেণ্টাৰ, বালিচাং চেলাইখাটি চেণ্টাৰ, পাভৈ চেণ্টাৰ, তিনিসূঁতি চেণ্টাৰ, লাওদলনি চেণ্টাৰ, গেলাপুখুৰী চেণ্টাৰ, বিশ্বনাথঘাট চেণ্টাৰ, কুমলীয়া চেণ্টাৰ, গহপুৰ নগৰ চেণ্টাৰ, বটিয়ামাৰী চেণ্টাৰ, বিহমাৰী বনগাঁও চেণ্টাৰ, গাংমৌথান চেণ্টাৰ, বৰগাং চেণ্টাৰ, বৰঝাৰণি চেণ্টাৰ, নাচবৰ চেণ্টাৰ, বিহালী থানা চেণ্টাৰ, জিনজিয়া চেণ্টাৰ, জয়পুৰ বনগাওঁ চেণ্টাৰ, বাঘমাৰী চেণ্টাৰ, কাঠনীবাৰী চেণ্টাৰ, মাজুলীগড় চেণ্টাৰ আৰু জয়সিদ্ধিৰ পৰা জিলা প্ৰশাসনে প্ৰেৰণ কৰা গাড়ীৰে আহিব পাৰিব।

নিৰ্বাচনী কামৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ৬০০ খনৰো অধিক সৰু-বৰ গাড়ীৰ ব্যৱস্থা কৰিছে। ভোটগ্ৰহণ কৰিবলৈ যোৱা নিৰ্বাচনী বিষয়া–কৰ্মচাৰীৰ বাবে ৩৬৬ খন, মাণ্ডলিক আৰু ক্ষেত্ৰীয় বিষয়াসকলৰ বাবে ৫৪ খন, আৰক্ষী আৰু নিৰাপত্তা কৰ্মচাৰীৰ বাবে ১৫০ খন আৰু অন্যান্য নিৰ্বাচনী কামৰ বাবে কমেও ৩০ খন বাহন ব্যৱহাৰ হ’ব। ইয়াৰোপৰি মহকুমাটোত ৩ খন উদ্ধাৰকাৰী বাহন, ৬ খন ট্ৰেক্টৰ, ১ খন জে চি বি, ২ খন নাও আৰু বিশ্বনাথ–বিহালী সমষ্টি দুটাৰ বাবে ২ খনকৈ মুঠ ৪ খন এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে।

জিলাখনৰ বিশ্বনাথ মহকুমাৰ অধীনৰ ৯ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৪২ খন গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে পৰিবহণ কোষে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে বিশ্বনাথ জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ ৮৪০২৮২৫০৩৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।