NORTHEAST NOW (Assamese)
অসম

বৰপেটাত অগপৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ; ৮০ শতাংশ আসন লাভ কৰাৰ দাবী

Posted by: পুলেন্দ্ৰ দাস November 29, 2018 7:44 am
Kumar Dipak das

বৰপেটাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে অসম গণ পৰিষদ। বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পৰ্যায় আৰু গাঁও সভাবোৰত অগপৰ প্ৰাৰ্থী আৰু কৰ্মীসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বিগত দুটা দিনত সমষ্টিটোৰ অন্তৰ্গত সুন্দৰীদিয়া, পাটবাউসী, কেওঁটকুছি, পালহাজী, আজাদ, দংৰা, পশ্চিম হাউলী, উত্তৰ হাউলী, মৈৰামাৰা, ভেল্লা, বাঁহমুৰা, কুমুল্লীপাৰা আদি অঞ্চলত নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অগপ।

নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰি ভাষণ প্ৰসংগত স্থানীয় বিধায়ক তথা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে কয় যে সমাগত পঞ্চায়ত নিৰ্বাচনত যে অগপই পূৰ্বতকৈযে অধিক ভাল ফলাফল লাভ কৰিব। অগপৰ উত্থানত অইন ৰাজনৈতিক দলবোৰ শংকিত হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

অনুষ্ঠানত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে, ভ্ৰষ্টাচাৰী কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিকো অসমৰ ৰাইজে এইবাৰ আঁকোৱালি নলয়।

অসমৰ সমস্যা সমাধানৰ বাবে ৰাজ্যত অগপৰ বিকল্প অইন দল যে নাই সেই কথা অসমৰ ৰাইজে উপলব্ধি কৰি পঞ্চায়ত নিৰ্বাচনত অগপৰ সপক্ষে ভোট প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

আনহাতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বৰপেটাত অগপই ৮০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি দলটোৰ নেতা দুগৰাকীয়ে দাবী কৰে।