NORTHEAST NOW (Assamese)

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে বিজেপিয়ে

October 27, 2018 7:05 pm · উত্তম শইকীয়া

আগন্তুক পঞ্চায়ত নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত কোনো দলৰ স’তে মিত্ৰতা নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে। আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত মণ্ডল সমিতিৰ বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ বোকাখাত মণ্ডল সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

মণ্ডল সমিতিৰ সভাপতি জিতেন শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্য নিৰ্বাহকত আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিত দলৰ স্থিতি সম্পৰ্কে বিষদ আলোচনা কৰাৰ লগতে কোনোধৰণৰ মিত্ৰতা নকৰাকৈ বোকাখাতৰ ২০ খন পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰা সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ সভাত ৰাজ্যিক সম্পাদক দেৱ প্ৰদীপ বৰা, জিলা প্ৰভাৰী দিব্যজ্যোতি বুঢ়াগোহাঁই, জিলা বিস্তাৰক প্ৰদীপ কলিতা, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য আকাশ ফুকন,  ৰাজ্যিক সদস্য শম্ভূ দেৱকে ধৰি সমূহ কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখ্য যে যোৱা বিধানসভাৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপি দলে এজেপিৰ সৈতে মিত্ৰতা কৰি নিজৰ প্ৰাৰ্থী নিদিয়াৰ বাবেই অগপ দলৰ প্ৰাৰ্থী অতুল বৰাই জয় লাভ কৰি সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Related News