NORTHEAST NOW (Assamese)

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিফলতা! নানা বিসংগতিৰ বাবে ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ হ’ল ভোট গ্ৰহণ

May 4, 2025 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 4, 2025 4:17 pm

২ মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা বিসংগতিৰ বাবে ৪ মেত পুনৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিট কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

অসম ৰাজ্যিক নির্বাচন আয়োগে পূর্বে উল্লেখ কৰিছিল যে শুকুৰবাৰে ১৪খন জিলাৰ প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনৰ পাছত অশান্তিৰ বাবে এই ৪৩টা ভোটকেন্দ্রত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হব৷

হাইলাকান্দিৰ ৩১টা, শ্ৰীভূমিৰ ৮টা, লখিমপুৰৰ ২টা, আৰু গোলাঘাট আৰু মাজুলীৰ এটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ কৰা হৈছে।

পুনৰ ভোটগ্ৰহণৰ বিষয়ত শ্ৰীভূমি জিলাৰ উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগবাঢ়িছে বুলি আশ্বাস দি কয় যে, “পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা আৰু দণ্ডাধীশৰ অধীনত পুনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে। মই আশা কৰিছো যে ই শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ব।”

ইফালে শ্ৰীভূমি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসেও কয়, “পৰিস্থিতি স্বাভাৱিক। এই চহৰৰ ৮টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আমি পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছো। শান্তিপূৰ্ণ ভোটগ্ৰহণ চলি আছে।”

উল্লেখ্য যে শুকুৰবাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল।

বাকী ১৩খন জিলাত ৭ মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব, আৰু ১১ মেত ভোটগণনা হব।

Related News