NORTHEAST NOW (Assamese)

পৰুশুৰাম কুণ্ডলৈ যোৱা অসমৰ তীৰ্থযাত্ৰীক অৰুণাচলত দুৰ্বৃত্তৰ আক্ৰমণ

March 17, 2019 5:49 pm · এন ই নাও নিউজ

অৰুণাচলত শনিবাৰে নিশা অৰ্থাৎ ১৬ মাৰ্চত নিশা অসমৰ তীৰ্থযাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই এতিয়া ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অসমৰ ধেমাজিৰ পৰা অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ এটা ২৫ জনীয়া দল তীৰ্থভ্ৰমণত গৈছিল। পৰশুৰাম কুণ্ডৰ পৰা এ এছ ২০-১৫১৭ নম্বৰৰ এ এছ টি চি বাছখনেৰে ঘূৰি অহা পথত অৰুণাচলৰ চাওখাম অঞ্চলত দুৰ্বৃত্তৰ দলে তীৰ্থযাত্ৰীৰ দলটোক হঠাৎ আক্ৰমণ কৰে।

অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে তীৰ্থাযাত্ৰীৰ দলটোৰ বাছলৈ শিলগুটি নিক্ষেপ কৰে। দুৰ্বৃত্তৰ দলটোৱে শিলগুটি নিক্ষেপ কৰা ফলত বাছখনৰ সন্মুখ আৰু কাষৰ গ্লাছ সম্পূৰ্ণৰূপে ভাগি যায়। ইফালে দুৰ্বৃত্তৰ আক্ৰমণত বাছখনৰ চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়। অৱশ্যে তীৰ্থযাত্ৰীসকল দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত কোনো ধৰণৰ হতাহতি নোহোৱাকৈ কথমপি ৰক্ষা পৰে।

উল্লেখযোগ্য যে অৰুণাচলৰ পৰশুৰাম কুণ্ডক তীৰ্থভ্ৰমণস্থলী হিচাপে জনাজাত আৰু ইয়ালৈ বছৰি বিভিন্ন ঠাইৰ লোকৰ আগমন ঘটে। তেনেস্থলত পৰশুৰাম কুণ্ডলৈ যোৱা তীৰ্থযাত্ৰীক দুৰ্বৃত্তৰ দলে এনেদৰে ৰাস্তাত আগচি ধৰি আক্ৰমণ কৰা ঘটনাক সচেতন লোকে গৰিহণা দিছে।

Related News