NORTHEAST NOW (Assamese)
অসম

‘লোকবন্ধু’ দিৱসৰ দিনা পাঠশালাত স্মৰণ ডাঃ বি বৰুৱাক

Posted by: শশাংক তালুকদাৰ September 5, 2018 12:33 pm
pathsala-lokabandhu-570x320

বিগত বছৰ সমূহৰ দৰে এইবছৰো বৰপেটা জিলাৰ পাঠশালাত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয় ‘লোকবন্ধু’ দিৱস। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ সহযোগত এই দিৱসটো মঙলবাৰে পালন কৰা হয়।

প্ৰত্যেক বছৰে ৪ ছেপ্তেম্বৰত লোকবন্ধু ডাঃ ভূবনেশ্বৰ বৰুৱাৰ পৱিত্ৰ স্মৃতিত পালন কৰা হয় ‘লোকবন্ধু’ দিৱস। এই দিৱস উপলক্ষে কালি ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপন কৰি এই দিৱস পালন কৰে।

আনহাতে এই দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত ডাঃ ৰজনী ডেকা, ডাঃ হিতেশ তালুকদাৰ, ডাঃ দীপজ্যোতি ডেকাৰ লগতে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা দেখা যায়।

ইয়াৰ উপৰি সন্ধিয়া ডাঃ পংকজ কলিতাৰ দ্বাৰা ৰচিত এখন নাটকো মঞ্চস্থ কৰা হয়। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় নাটকখন।

কালিৰ এই লোকবন্ধু দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ইণ্ডিয়ান ডেণ্টেল এছ’চিয়েশ্যনৰ হৈ ডাঃ জন দাস আৰু ডাঃ ৰূপম চৌধুৰী উপস্থিত থাকে। তদুপৰি ডাঃ ৰাজেন ডেকা, ডাঃ প্ৰভাত শৰ্মা, ডাঃ সুব্ৰত শৰ্মা, ডাঃ নিউটন দাস, ডাঃ চম্পক দত্তৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।