NORTHEAST NOW (Assamese)
অসম

অমৃতপল সিং গোচৰঃ ডিব্ৰুগড় জেলৰ অধীক্ষকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় March 8, 2024 11:33 am

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে (০৭ মাৰ্চ) নিশা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক গ্ৰেপ্তাৰ কৰিছে।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিং আৰু তেওঁৰ ৯ জন সহযোগীৰ কোঠাত আৱিষ্কাৰ হোৱা আপত্তিজনক সামগ্ৰীৰ সম্পৰ্কত অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছিজল আগৰৱালাই নিপেন দাসক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে।

দাসক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৩ (১) বি আৰু অসম কাৰাগাৰ আইনৰ ধাৰা ৭৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়কঃ ম’হ আৰু বুলবুলি যুঁজ সন্দৰ্ভত নিৰ্দেশ ‘উলংঘা’ৰ বাবে ৰাজ্য চৰকাৰক চমন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

১৭ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপল সিঙৰ হাতত মোবাইল ফোন আৰু চোৰাংচোৱা কেমেৰাকে ধৰি আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছিল।

ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে এই গোচৰৰ সৈতে জড়িত অমৃতপল সিঙৰ ৯ জন সহযোগীৰ বিৰুদ্ধেও ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

লগতে পঢ়কঃকংগ্ৰেছ ক্ষমতালৈ আহিলে ৩০ লাখ চাকৰি, যুৱক-যুৱতীৰ বাবে ১ লাখ টকাৰ এপ্ৰেণ্টিছশ্বিপ: ৰাহুলৰ ঘোষণা

এন এছ এৰ অভিযোগৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ ভিতৰত আছে দলজীত সিং কালছি, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং, বুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং, বসন্ত সিং, আৰু গুৰিন্দৰপাল সিং আউজলা।