NORTHEAST NOW (Assamese)
অসম

ক’লকাতাত অসম আৰক্ষীৰ কব্জাত পতঞ্জলিৰ যোগ প্ৰশিক্ষক বৰাল

Posted by: এন ই নাও নিউজ October 11, 2018 5:02 pm
patanjali satinath baral

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে অসমীয়া হিন্দুসকলৰ ধৰ্ম চৰ্চা, ৰীতি-নীতি সন্দৰ্ভত বিৰূপ মন্তব্য কৰা পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষক সতীনাথ বৰালক বৃহস্পতিবাৰে ক’লকতাত গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

যোগ প্ৰশিক্ষকজনক গ্ৰেপ্তাৰ কৰি অসমলৈ আনি থকাটো নিশ্চিত কৰিছে দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে।

“আমি বৰালক ক’লকাতাত গ্ৰেপ্তাৰ কৰিছো। তেওঁক ইয়ালৈ আনি থকা হৈছে,” নৰ্থ ইষ্ট নাও-ক জনালে আৰক্ষী অধীক্ষকজনে।

আৰক্ষী বিষয়াজনে কিছুসময় পিছতে তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সবিশেষ জনোৱা হ’ব বুলিও সদৰী কৰিছে।

লগতে পঢ়ক– শংকৰদেৱ আৰু অসমীয়া জাতিক লৈ উপলুঙা পতঞ্জলিৰ যোগ নিৰীক্ষকৰ

বৰালৰ বিতৰ্কিত মন্তব্যৰ পিছতে অসমজুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰ সমাজ, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ কৰিছিল।

বৰালৰ বিৰুদ্ধে গুৱাহাটীৰ দিচপুৰ থানাৰ লগতে অসমৰ কেইবাঠাইতো কেইবাটাও গোচৰ ৰুজু হৈছিল।