NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ জালত আন্তৰ্জাতিক বাইক চুৰি চক্ৰ : ৬ গভাইত চোৰক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2025 7:42 pm
অসম আৰক্ষীৰ জালত আন্তৰ্জাতিক বাইক চুৰি চক্ৰ : ৬ গভাইত চোৰক গ্ৰেপ্তাৰ

দুচকীয়া বাহনৰ চুৰিৰ সৈতে জড়িত এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত চলা এক অভিযানত বাইক চুৰিৰ লগত জড়িত ৬ টা চোৰক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে নয়ন ডেকা, ৰতন বড়ো , লোকমান বড়ো, ধনজিৎ বড়ো, সঞ্জয় বড়ো, আৰু নিৰ্মল কলিতা।

অভিযোগ অনুসৰি এই ছয়জনেই অঞ্চলটোত কেইবাখনো বাহন চুৰি কৰিছিল। অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে তিনিখন চুৰি মটৰ চাইকেলো সফলতাৰে উদ্ধাৰ কৰে।

ইফালে এই চক্ৰটোৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।