NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসৰ দিনাই গঁড় হত্যা প্ৰতিৰোধৰ বাবে কাজিৰঙাত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত January 27, 2022 4:48 pm

চলিত বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা গঁড় হত্যাৰ পিচতেই ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হৈছে উচ্চ প্ৰশিক্ষিত এক কামাণ্ডো বাহিনী ৷

দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ দিনাই গঁড় সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হৈছে এই কামাণ্ডো বাহিনী ৷ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্র সংৰক্ষিত এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডললৈ ১০জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত লৈ ১০জন কামাণ্ডো প্ৰেৰণ কৰিছে অসম চৰকাৰে। এই কামাণ্ডো বাহিনীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বন শিবিৰত বাহৰ পাতি চোৰাং চিকাৰীক প্ৰতিৰোধৰ বাবে কাম কৰিব৷

উল্লেখ্য যে পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী  আদি নিয়োগ কৰা হৈছিল যদিও ইয়াৰ পিচতো চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিবলৈ সক্ষম হোৱাৰ পিচত কালিৰে পৰা ৰাষ্ট্ৰীয় উদ্যান খনত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছে।

বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত অত্যাধুনিক মৰণাস্ত্ৰৰে অভিজ্ঞ এই কামাণ্ডো বাহিনীয়ে এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত।

চলিত বৰ্ষৰ পহিলা মাহতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়্গ কাটি নিয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্বসহকাৰে বিষয়টো ল’বৰ বাবে বন বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছিল৷

যাৰ বাবে গঁড় হত্যাৰ পিচতেই যোৱা ২৩ জানুৱাৰী তাৰিখে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙ কাজিৰঙাত উপস্থিত হৈ চোৰাং চিকাৰীক প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত কামাণ্ডো নিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল ৷

সেই মৰ্মে আজি গণৰাজ্য দিৱসৰ দিনটোতে গঁড় হত্যা প্ৰতিৰোধৰ সংকল্পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলে খুন্দা বন শিবিৰলৈ যাত্ৰা আৰম্ভ কৰিছে ১০ জন কামাণ্ডোৱে ।