NORTHEAST NOW (Assamese)

বানপীড়িতলৈ অসম আৰক্ষীৰ ৭৫,০০,০০০ টকাৰ সাহায্য

July 31, 2019 7:57 pm · এন ই নাও নিউজ
Updated: July 31, 2019 8:19 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই অসম আৰক্ষীয়ে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ৭৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াৰ এটা প্ৰতিনিধি দলে বুধবাৰে মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি সহায্য পুঁজিৰ বাবে ৭৫ লাখ টকাৰ চেক আগবঢ়ায়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীয়ে আগবঢ়োৱা বৰঙণি গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা অসম আৰক্ষীৰ জোৱান সকলক ধন্যবাদ জ্ঞাপন কৰে।

সোণোৱালে বানপানীৰ সময়ত অসম আৰক্ষীয়ে আগবঢ়োৱা সাহায্য আৰু সহযোগিতাৰো ভূয়সী প্ৰশংসা কৰে।

অসম আৰক্ষীৰ উপৰিও বুধবাৰে অসম ক্ৰিকেট সন্থাই ৫ লাখ, এন আৰ এল কৰ্মী সংস্থাই ২৩,২২,১৩০ টকা আৰু হিন্দুস্তান অইল এক্সপ্লোৰেশ্যন কোম্পানী লিমিটেডৰ প্ৰতিনিধিসকলে ১৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়।

আনহাতে, মুখ্য মন্ত্ৰী সহায্য পুঁজিলৈ বুধবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী, আমিনুল ইছলাম, নিজামুদ্দিন চৌধুৰী, মামুন ইমদাদুল হক চৌধুৰী, বীৰ ভদ্ৰ হাগজাৰ, পৰিবেশকৰ্মী পুৰ্ণিমা দেৱী বৰ্মন আদি ব্যক্তিসকলে বৰঙণি আগবঢ়ায়।

Related News