NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ তদন্তকাৰী বিষয়াসকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণ আৰম্ভ

February 24, 2020 7:37 pm · এন ই নাও নিউজ

অসমৰ আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ জৰিয়তে আজিৰ পৰা গুৱাহাটীৰ আমিনগাঁওস্থিত ‘জুডিচিয়েল অকাডেমী’ত তদন্তকাৰী বিষয়াসকলৰ দক্ষতা বিকাশৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে।

ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰা বাছনি কৰা মুঠ ৭৯১ গৰাকী তদন্তকাৰী বিষয়াক আজিৰ পৰা পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰসমূহৰ খৰতকীয়া নিষ্পত্তিকৰণৰ উদ্দেশ্যে অসম আৰক্ষীৰ আইন-শৃংখলা আৰু অপৰাধজনিত গোচৰৰ তদন্ত, এই দুয়োটা পৃথক কৰাৰ বাবে জাৰি কৰা নিৰ্দেশৰ ভিত্তিতে অসম আৰক্ষীয়ে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, আজি বিয়লি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

পুৱা ‘জুডিচিয়েল অকাডেমী’ৰ সঞ্চালক অপৰ্ণা অজিতচাৰিয়াৰ উপস্থিতিত এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান দীপক কুমাৰে।

 

Related News