NORTHEAST NOW (Assamese)
অৰুণাচল

অগ্নিগৰ্ভ অৰুণাচলত থকা অসমৰ মানুহৰ বাবে হেল্পলাইন নম্বৰ

Posted by: এন ই নাও নিউজ February 25, 2019 6:39 pm
Helpline no for Assamese

অৰুণাচল প্ৰদেশৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা অসমৰ মানুহৰ বাবে প্ৰয়োজন হ’লে সহায় বিচাৰিব পৰাকৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে।

নম্বৰ দুটা হ’ল- ৮৭৪৯৮-৬০৮০৩ (হোৱাটছ এপ) আৰু ০৩৬১২৩৮১৫১১

অসম আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱামতে, বিপদত পৰা অসমৰ লোকসকলে তেওঁলোকৰ সৈতে এই দুটা নম্বৰত যোগাযোগ কৰিলে তাৎক্ষণিকভাৱে ইটানগৰ আৰক্ষীৰ নম্বৰ দি সহায় কৰিব পাৰিব।

উল্লেখযোগ্য যে যোৱা দুদিন ধৰি অৰুণাচল প্ৰদেশৰ পৰিস্থিতি অতি বিপজ্জনক হৈ আছে। স্বয়ং ৰাজ্যখনৰ মুখ্য মন্ত্ৰী, উপ-মুখ্য মন্ত্ৰীৰ বাসগৃহ উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা বাদ পৰি যোৱা নাই।

২৪ ফেব্ৰুৱাৰিত উপ-মুখ্য মন্ত্ৰীৰ বাসগৃহকে ধৰি বহুতো ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়াৰ লগতে ভাঙি চূৰমাৰ কৰিছে সচিবালয়, উপায়ুক্তৰ কাৰ্য্যালয়, থানা, ব্যৱসায়িক প্ৰতিষ্ঠান, পথত থকা গাড়ী আদি। এতিয়াও উত্তেজনা অব্যাহত আছে ৰাজ্যখনত।