NORTHEAST NOW (Assamese)

২২ নৱেম্বৰত অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ পৰীক্ষা

October 2, 2020 10:31 pm · কল্পজ্যোতি শইকীয়া

অসম আৰক্ষীৰ ৫৯৭টা উপ-পৰিদৰ্শক (ইউ বি) পদত নিযুক্তিৰ বাবে অহা ২২ নবেম্বৰ, ২০২০ত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।

যোৱা ২০ চেপ্তেম্বৰ, ২০২০ তাৰিখে এই পৰীক্ষা বাতিল কৰা হৈছিল।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে প্ৰাৰ্থীসকলক নিশ্চিতি প্ৰদান কৰি কয় যে আৰক্ষী নিযুক্তিৰ সমগ্ৰ  প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰা হ’ব।

পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশদ বিৱৰণ যথা সময়ত আনুষ্ঠানিক জাননীযোগে  প্ৰকাশ কৰা হ’ব বুলিও বিজ্ঞপ্তিটোত কোৱা হৈছে।

Related News