NORTHEAST NOW (Assamese)
অসম

আত্মসমৰ্পণৰ বাবে আহি আছে অভিযুক্ত বিজেপি নেতা দিবন ডেকা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 30, 2020 10:34 pm
Assam SI exam paper leak scandal: Diban Deka sent to CID custody

অসম আৰক্ষীৰ SI নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলত অভিযুক্ত বিজেপি নেতা দিবন ডেকা আত্মসমৰ্পণ কৰাৰ বাবে গুৱাহাটী অভিমুখে আহি আছে।

পত্নীৰ সৈতে গুৱাহাটীলৈ ইতিমধ্যে ৰাওনা হৈছে দিবন।

আজি মাজনিশা প্ৰায় ১২ বজাত গুৱাহাটীৰ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা বিজেপি নেতাজনৰ।

ইতিমধ্যে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্য্যালয়ৰ সন্মুখত।

এক বিশ্বস্ত সূত্ৰই নৰ্থইষ্ট নাওৰ সাংবাদিকক জনাইছে এই কথা।

এই ঘটনাত নাম সাঙোৰ খোৱাৰ পাছতে দিবনে এক ফেচবুক পোষ্টযোগে আৰক্ষীৰ উচ্চপদস্থ বিষয়া এই প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।

দিবন ডেকাৰ বিৰুদ্ধে একোখন প্ৰশ্নকাকত এক লাখ টকা ধনৰ বিনিময়ত কিছুসংখ্যক পৰীক্ষাৰ্থীৰ মাজত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।