NORTHEAST NOW (Assamese)

এছ আই নিযুক্তি প্ৰশ্নকাকত ফাদিল: পি কে দত্তৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ, ২৪ লক্ষাধিক টকা জব্দ

October 14, 2020 11:47 pm · কল্পজ্যোতি শইকীয়া
Updated: October 14, 2020 11:48 pm

চি আই ডিয়ে বুধবাৰে সন্ধিয়া অভিযান চলাই এছ আই নিযুক্তি প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে সম্পৰ্কিত জয়দীপ বৰুৱা নামৰ এজনক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে।

চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত নৱগিৰি পথত থকা ব্যক্তিজনৰ ভাৰাঘৰৰ পৰা ২৪,৮৮,৩০০ টকা জব্দ কৰা হৈছে।

প্ৰশ্নকাকত ফাদিলত অভিযুক্ত পি কে দত্তৰ নিৰ্দেশত বৰুৱাই ধনখিনি লুকুৱাই ৰাখিছিল। বৰুৱা দত্তৰ কৰ্মচাৰী।

পি কে দত্তই প্ৰাৰ্থীৰ পৰা এই ধনখিনি সংগ্ৰহ কৰিছিল।

চি আই ডিৰ ২১/২০ গোচৰৰ অধীনত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আদালতে ধৃত বৰুৱাক পাঁচদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে যদিও ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বাবে তেওঁক বৰ্তমান জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।

Related News