NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 21, 2025 1:28 pm

মণিপুৰৰ বিএছএফ জোৱান দীপক চিংগাখামক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান কৰিলে অসম চৰকাৰে। যোৱা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে যোৱা মে’ মাহত জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত নিহত হৈছিল সেনা জোৱানগৰাকী।

অনুষ্ঠানৰ সময়ত বিশিষ্ট শিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট নৃত্যশিল্পী মল্লিকা কন্দলীক ২০২৫ বৰ্ষৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানতে ২০২৫ চনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধৱদেৱ বঁটা সংস্কৃত পণ্ডিত থানেশ্বৰ শৰ্মাক আৰু ধনেশ্বৰ ইংতিক কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয়।

একেদৰে ২০২৪ চনৰ ৰাজ্যিক পৰ্যায়ৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা বিশিষ্ট সত্ৰীয়া প্ৰতিনিধি সোণাৰাম শৰ্মা বুঢ়া ভকতক আৰু সমাজকৰ্মী জগ্যেশ্বৰ চেতিয়াক স্বৰ্গদেউ সৰ্বানন্দ সিং বঁটা প্ৰদান কৰা হয়।