NORTHEAST NOW (Assamese)
অসম

প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট October 6, 2021 9:33 am
Assam Pradesh Congress Committee protests in Golaghat

উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গোলাঘাটত প্ৰদেশ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছে গোলাঘাট কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এক বৃহৎ ৰেলিৰ জৰিয়তে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ত সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত চৰকাৰ তথা প্ৰশাসনক কঠোৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

ইফালে প্ৰতিবাদকাৰীক উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে।

নৰেন্দ্ৰ যোডী গ’বেক, বিজেপি চৰকাৰ হায় হায়, নাৰী নিৰ্যাতন বন্ধ কৰক, প্ৰিয়ংকা গান্ধীক মুকলি কৰক ইত্যাদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ, কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী, বিস্মিতা গগৈ, ৰজলিনা তিৰ্কীকে ধৰি অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছে তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবী তোলে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বাহন আক্ৰমণত নিহত হৈছিল চাৰিজনকৈ কৃষকৰ। এই ঘটনাৰ বুজ ল’বলৈ যাওঁতেই প্ৰিয়ংকা গান্ধীক আটক কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ইয়াৰ প্ৰতিবাদস্বৰূপেই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে।