NORTHEAST NOW (Assamese)
অসম

অসমীয়া কাকতৰ মুখ্য পৃষ্ঠাত বিজেপিৰ বিজ্ঞাপন বিতৰ্ক! বিজেপিৰ কাৰ-কাৰ বিৰুদ্ধে থানাত গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 28, 2021 9:09 pm
BJP Ad

আজি পুৱাৰ পৰা অসমীয়া প্ৰতিদিন, নিয়মীয়া বার্তাকে ধৰি অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকতত উজনিত বিজেপিৰ জয় নিশ্চিত বুলি এক বিজ্ঞাপন প্ৰকাশ পাইছিল।

এতিয়া বিজ্ঞাপনটোক লৈ তোলপাৰ লাগিছে এতিয়া ৰাজ্যৰ ৰাজনীতি।

নিৰ্বাচনী অধিসূচনা ভঙ্গ কৰি বিজেপিয়ে এই বিজ্ঞাপন প্ৰকাশ কৰাৰ গুৰুতৰ অভিযোগ আনিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

সেয়েহে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিলে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে।

index.jpga

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ হৈ প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ অধ্যক্ষ নিৰন বৰাই নিশা ৮:১০ বজাত তৰিলে গোচৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি বাতৰি কাকতত বিজ্ঞাপন দিছিল বিজেপিয়ে।