NORTHEAST NOW (Assamese)
অসম

NRC-ত নাম বাদ পৰা ভাৰতীয়ক বিচাৰি শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ ৫৭জনীয়া দলৰ অভিযান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 11, 2019 2:17 pm

অসম প্ৰদেশ কংগ্ৰেছে সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা নাম বাদ পৰা সকলো ভাৰতীয় নাগৰিকক সহায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ এটা অভিযান চলাব।

অভিযানত বিভিন্ন অঞ্চলৰ নাম বাদ পৰা লোকসকলক পোনপটীয়াকৈ লগ কৰি তেওঁলোকক যথোচিত দিবা-পৰামৰ্শ আগ বঢ়োৱা হ’ব। তাৰ বাবে এটা ৫৭জনীয়া দল ঠিক কৰা হৈছে।

আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দলটোৰ এই কাৰ্য্যসূচীৰ কথা প্ৰকাশ কৰে।

অহা ১৩ ছেপ্টেম্বৰত দলটো বাছেৰে প্ৰথমে ৰাজীৱ ভৱনৰ পৰা তিনিচুকীয়াৰ দিশে ৰাওনা হ’ব।

“যেতিয়ালৈকে নাম বাদ পৰা ভাৰতীয় লোকৰ শেষৰজনৰ নাম NRC-ত নাহে তেতিয়ালৈকে আমি সহায় কৰি যাম” সভাপতি বৰাই সংবাদমেলত কয়।

উল্লেখযোগ্য যে প্ৰদেশ বিজেপিয়েও এন আৰ চিৰ পৰা নাম বাদ পৰা ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে অভিযান চলোৱাৰ কথা সদৰী কৰিছিল।

“ভাৰতীয় জনতা পাৰ্টীৰ ৪০ লাখ কৰ্মকৰ্তাক তন-মন-ধন সমৰ্পণ কৰি বিদেশী ন্যায়াধিকৰণৰ পৰা প্ৰকৃত ভাৰতীয়ক উলিয়াই আনিবৰ বাবে আহ্বান জনাইছো” এন আৰ চি প্ৰকাশৰ পিছ মুহূৰ্ততে এখন সংবাদমেলত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই মন্তব্য কৰিছিল।