NORTHEAST NOW (Assamese)
অসম

টীয়কত চাৰি লাইন যুক্ত ৰাস্তা নিৰ্মাণত এন এইচ আই ডি চি এলে গাফিলতি কৰাৰ অভিযোগ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 2, 2020 7:04 pm

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ চি কে বি কলেজৰ পৰা কলিয়াপানী আৰু হাঁহচৰাৰ পৰা জাঁজী লৈকে চাৰি লাইনযুক্ত পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত এন এইচ আই ডি চি এলে সম্পূৰ্ণ গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে  অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে  ৷

অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে অভিযোগ কৰা মতে, কেৱল মাত্ৰ লাভালাভৰ স্বাৰ্থতেই উক্ত প্ৰতিষ্ঠানটোৱে প্ৰণালীবদ্ধভাৱে কাম নকৰি আৰু ডব্লিউ ডব্লিউ এম কে ধৰি বিভিন্ন লেয়াৰ সমূহ নকৰাকৈয়ে কাৰ্পেটিং কৰা দেখা গৈছে।

বিগত সময়টো প্ৰণালীবদ্ধভাৱে কাম নকৰাৰ বাবে অতি কম সময়ৰ ভিতৰতে ৰাস্তাৰ কাৰ্পেটিং বোৰ উঠি যোৱা পৰিলক্ষিত হৈছে বুলি অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে অভিযোগ কৰিছে।

আনহাতে, সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ দিয়াৰ লগতে   প্ৰণালীবদ্ধভাৱে নীতি-নিৰ্দেশনা অনুযায়ী কাম নকৰা এন এইচ আই ডি চি এলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

এন এইচ আই ডি চি এলে সঠিকভাৱে কাম নকৰিলৈ  সাংগঠনিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে  ভবিষ্যতে সৃষ্টি হ’ব পৰা যিকোনো ধৰণৰ আইন-শৃংখলাজনিত কামৰ বাবে অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ জগৰীয়া নহ’ব বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰে সংগঠনটোৱে।