NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

November 23, 2019 8:46 am · পার্শ্বজোতি গগৈ
Updated: November 23, 2019 9:17 am
ফটো নৰ্থ-ইষ্ট নাও

সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদৰমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। শিৱসাগৰত শুকুৰবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে কালি সন্ধিয়া শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক জোঁৰ সমদল বাহিৰ কৰি  ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

জোঁৰ সমদলটোত সংগঠনটোৰ কেন্দ্ৰীয় নেতা দেৱজিৎ দত্তই অসম আন্দোলনৰ কথা উল্লেখ কৰি ৮৫৫জন চহিদৰ আত্মবলিদানক উপলুঙা নকৰিবলৈ চৰকাৰক সকীয়নি দি ‘কোনো পধ্যেই অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ  দিয়া নহ’ব’ বুলি কয়।

সংগঠনটোৰ প্ৰায় দ্বি-শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী সমদলত কেন্দ্ৰীয় নেতা অৰূপ বৰুৱা, জিলা সমিতিৰ সভাপতি ৰাজেশ দাস আৰু সুমন গগৈয়েও অংশগ্ৰহণ কৰে।

Related News