NORTHEAST NOW (Assamese)

অসমৰ দুই কৃতবিদ্যক ২০১৯ আৰু ২০২০ৰ অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

December 31, 2020 8:14 am · এন ই নাও নিউজ
Updated: December 31, 2020 8:16 am

৩৩ সংখ্যক গুৱাহাটী গ্রস্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ২০১৯ আৰু ২০২০ বৰ্ষৰ বাবে অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়।

২০১৯ বৰ্ষৰ বাবে এই বঁটা গ্ৰহণ কৰে বিশিষ্ট সংস্কৃত পণ্ডিত গৱেষক ডঃ থানেশ্বৰ শৰ্মাই৷ ইপিনে শাৰীৰিক অসুস্থতাৰ বাবে বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ২০২০ বৰ্ষৰ বাবে এই বঁটা লাভ কৰা বিশিষ্ট ভাষাবিদ-সাহিত্যিক-পণ্ডিত ডঃ ৰমেশ পাঠক।

অনুষ্ঠানত ডঃ পাঠকৰ আগু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাই এই বঁটা তেওঁৰ বাসগৃহতে প্রদান কৰা হ’ব বুলি সদৰী কৰে প্রকাশন পৰিষদে৷

এই বঁটাত আছে অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ২ লাখকৈ টকা।

ইপিনে সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰা হয় বাৰেবহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ এই ভনু্ঠানত নলবাৰীৰ বৰ্ণলী ডেন্স একাডেমীয়ে পৰিৱেশন কৰা নৃত্যানুষ্ঠানে দৰ্শকক মুগ্ধ কৰে।

এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মিচিং আগম কেবাঙৰ প্রাক্তন সভাপতি গোবিন্দ টাইদে। প্রথম দিনাই গ্রন্থমেলাৰ বাকৰিত পৰিলক্ষিত হয় গ্ৰন্থ-ক্ৰেতা আৰু দৰ্শকৰ আশাব্যঞ্জক ভিৰ।

Related News