NORTHEAST NOW (Assamese)
অসম

ৰাজস্থান ৰ’য়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিল অসমৰ ৰিয়ান পৰাগৰ

Posted by: এন ই নাও নিউজ April 11, 2019 8:29 pm
ৰাজস্থান ৰ’য়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিল অসমৰ ৰিয়ান পৰাগৰ

আজি আই পি এলত অভিষেক ঘটে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ। জয়পুৰৰ ছ’ৱাই মন সিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভিভ’ আই পি এলৰ ২৫ সংখ্যক খেলত ৰাজস্থান দলৰ মূল একাদশত স্থান লাভ কৰে অসমৰ ক্ৰিকেটাৰ গৰাকীয়ে।

আজি আই পি এলত আজিংক ৰাহানে নেতৃত্বাধীন ৰাজস্থান ৰ’য়েলছ মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন শক্তিশালী চেন্নাই চুপাৰ কিংছৰ মুখামুখি হৈছে। টছত জয়ী হৈ চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজি আই পি এলত ৰিয়ানৰ অভিষেকৰ লগে লগে প্ৰতিযোগিতাখনত অসমৰ পৰা খেলিবলৈ সুযোগ লাভ কৰা দ্বিতীয়জন ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ’য়। ইয়াৰ পূৰ্বে বেগী ব’লাৰ আবু নাছিম আহমেদে মুম্বাই ইণ্ডিয়াছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল।

চলিত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰ’য়েলছৰ হৈ চুক্তিবদ্ধ হোৱা ৰিয়ান পৰাগ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ। ৰিয়ানে আই পি এলৰ পূৰ্বে ১৯ বছৰ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ হৈ বিশ্বকাপত অংশ গ্ৰহণ কৰিছিল।

আই পি এলত অভিষেকৰ লগে লগে ৰিয়ানক বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী, সুৰেশ ৰাইনা, ষ্টিভ স্মিথ, আজিকং ৰাহানে, শ্বেন ৱাটছন, হৰভজন সিং, ইমৰাণ তাহিৰ আদিৰ দৰে ক্ৰিকেটাৰৰ লগত একেলগে খেলপথাৰত দেখা পোৱা যাৱ।