NORTHEAST NOW (Assamese)
অসম

দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিনত আজি অসমবাসীয়ে স্মৰণ কৰিছে শিল্পীগৰাকীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2019 11:59 am
DphY_W-UcAAUMUk-1140x570

অসমৰ সংগীত জগতত দৰদী কণ্ঠশিল্পী হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ আজি ৭৬ সংখ্যক জন্ম বাৰ্ষিকী।

সমগ্ৰ অসমতে আজিৰ দিনটোত শিল্পীগৰাকীক স্মৰণ কৰিবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

শুকুৰবাৰে পুৱা ৯-৩০ বজাৰ পৰা ‘সুৰবাহিনী’ৰ উদ্যোগত চানমাৰিৰ ফ্লাইঅভাৰৰ তসত অৱস্থিত জয়ন্ত হাজৰিকা উদ্যানত শিল্পীগৰাকী স্মৰণ কৰিবলৈ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উদ্যোক্তাসকলে সকলো সংগীতপ্ৰেমী তথা সাংস্কৃতিক প্ৰেমী লোকক অনুষ্ঠানত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে।

সংগীত সূৰ্য ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাৰ ১৯৪৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল।

কিংবদন্তি শিল্পী জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰা জয়ন্ত হাজৰিকা ‘ৰাণা দা’ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। পিছলৈ ৰাণা দাই এগৰাকী কণ্ঠশিল্পী তথা সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

জয়ন্ত হাজৰিকাই প্ৰথম পাশ্চাত্য সংগীতৰ বিভিন্ন ধাৰা যেনে ৰ’ক এণ্ড ৰ’ল, জাজ আৰু পাশ্চাত্য ধ্ৰুপদী সংগীতক পৰম্পৰাগত অসমীয়া মেল’ডি সংগীতৰ সৈতে সংমিশ্ৰণ কৰি প্ৰথমবাৰলৈ অসমীয়া সংগীতত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল।

তেওঁৰ সংগীত ব্যৱস্থাপনাত ৰাণা দাই কেইবাবিধো পাশ্চাত্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এইক্ষেত্ৰত বাটকটীয়া হৈ পৰিছিল। মাত্ৰ ৩৪ বছৰীয়া চমু জীৱনকালত তেওঁ বহু যুগান্তাকাৰী গীত সৃষ্টি কৰিছিল যিবোৰ আজিও অসমত ব্যাপক জনপ্ৰিয় হৈ ৰৈছে।

১৯৭৭ চনৰ ১৭ অক্টোবৰত এখন নতুন অসমীয়া চলচ্চিত্ৰ ‘নতুন আশা’ৰ গীত বাণীবদ্ধ কৰাৰ কামত ব্যস্ত থকাৰ সময়তে কলকাতাত জয়ন্ত হাজৰিকাৰ মৃত্যু হয়।

জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘মনিৰাম দেৱান’ত সহকাৰী হিচাপে তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে গীতত কণ্ঠও দিছিল।

জয়ন্ত হাজৰিকাই কেইবাবিধো বাদ্যযন্ত্ৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। তেওঁ নিজেই গীটাৰ, ডোমৰা, মেণ্ডলিন, একৰডিয়ান, তবলা আৰু হাৰমনিকা বজাইছিল। তেওঁ বিশ্বৰ আন প্ৰান্তৰ পৰাও বিভিন্ন পৰম্পৰাগত সংগীতৰ বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল।

১৯৭৭ চনত জয়ন্ত হাজৰিকাই ‘সুৰ বাহিনী’ নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়াৰ জন্ম হৈছিল।

এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু ই এক গণ আন্দোলনৰ ৰূপ লৈছিল।

আজি তেওঁৰ ৭৬ সংখ্যক জন্মদিনত শিল্পীগৰাকীক সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।