NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2021 8:48 pm
coronavirus71-1622016981

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ যথেষ্ট নিম্নগামী হোৱাৰ লগতে সুস্থতাৰ হাৰ বৃদ্ধিৰ বাবে কোভিড পৰিস্থিতি যথেষ্ট আশাব্যঞ্জক যেন দেখা গৈছে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১১৩ গৰাকী লোক।

এই সময়ছোৱাত ৩৮,৫৭২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫৪ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.২ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৪ শতাংশ।

ইপিনে কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়ত অসমত  অ’মিক্ৰণ আক্ৰান্ত কোনো ৰোগীৰ সন্ধান পোৱা হোৱা নাই।

অৱশ্যে, বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই আহিছে।