NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

November 29, 2021 6:57 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে।

এনে পৰিস্থিতি অব্যাহত থকালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰে ৰাজ্যত কোভিডত ৫গৰাকী লোকৰ মৃত্যু হৈছিল।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰনা ভাইৰাছত আক্ৰান্ত হৈছে ১৩ গৰাকী লোক।

এই সময়ছোৱাত ২,৮৭০ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১১০ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৬৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৫ শতাংশ।

Related News