NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 14, 2021 6:50 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অসমত অ’মিক্ৰণ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে পোহৰলৈ অহা নাই। ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো নিম্নগামী হৈছে।

সোমবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত কোনো লোকৰ মৃত্যু ঘটা নাই।   দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৪১গৰাকী লোক।

এই সময়ছোৱাত ৩৫,২৩৯ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৭০ গৰাকী লোক। সেইদৰে গৰাকী ডিব্ৰুগড়ত, গৰাকী লখিমপুৰত আৰু গৰাকী যোৰহাটত আক্ৰান্ত হৈছে।

ৰাজ্যত বৰ্তমান কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০৯৩গৰাকী ৰোগী।

সোমবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১৭০গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪০ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬১শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে কোভিড প্ৰতিৰোধৰ বাবে সকলোকে মাস্ক পৰিধানকে ধৰি কোভিড বিধিসমূহ মানি চলাৰ পৰামৰ্শ দিছে।

Related News