NORTHEAST NOW (Assamese)
অসম

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2021 6:53 am
coronavirus71-1622016981

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো বৃদ্ধি নোপোৱালৈ চাই অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ২গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰে ৰাজ্যখনত কোভিডত প্ৰাণ হেৰুৱাইছিল ৩ গৰাকী লোকে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৪৩ গৰাকী লোক।

Also Read: চলন্ত ট্ৰাকৰ তলত সোমাই আত্মহত্যা বিশ্বনাথৰ যুৱকৰ

এই সময়ছোৱাত ২,৬৬৮টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুন আশংকাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে এই মুহূৰ্তত সকলোকে মাস্ক পৰিধাকে ধৰি কোভিড বিধি মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে।