NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

January 3, 2022 6:56 am · এন ই নাও নিউজ, গুৱাহাটী

নৱবৰ্ষৰ দ্বিতীয়টো দিনটোতো ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ১ শতাংশৰ তলতে থকাৰ লগতে সুস্থতাৰ হাৰো হ্ৰাস পোৱা দেখা যোৱা নাই।

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত কোনো লোকে প্ৰাণ হেৰুওৱা নাই।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৫৬গৰাকী লোক। শনিবাৰে ৰাজ্যত আক্ৰান্ত হৈছিল মুঠ ১৫০গৰাকী লোক।

দেওবাৰৰ দিনটোত ১৯,৭১২টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৭৮ গৰাকী লোক। সেইদৰে, ২৫ গৰাকী হোজাইত, ১৬গৰাকী কামৰূপ গ্ৰাম্যত আৰু ৫ গৰাকী মৰিগাঁৱত আক্ৰান্ত হৈছে।

ৰাজ্যত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৭৪ গৰাকী ৰোগী।

দেওবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১০০ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

ইপিনে দেশত কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত অসমতো অ’মিক্ৰণৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে

ইপিনে, বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাইছে। 

Related News