NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 5, 2021 6:57 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে অসমত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো বৃদ্ধি নোপোৱালৈ চাই ৰাজ্যৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

শনিবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে ৰাজ্যখনত কোভিডত প্ৰাণ হেৰুৱাইছিল ২গৰাকী লোকে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৬৯গৰাকী লোক।

এই সময়ছোৱাত ২৮,৭৪১টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

Also Read: গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ ৰহস্যজনক ‘আত্মহত্যা’

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৭৪ গৰাকী লোক। সেইদৰে ১৯ গৰাকী বৰপেটাৰ, ১৬গৰাকী ডিব্ৰুগড়ৰ আৰু ১২গৰাকী লখিমপুৰৰ আছে।

ৰাজ্যত এতিয়াও কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২০৪জন ৰোগী।

শনিবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ৯৫ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৯ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬০ শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুন আশংকাৰ সৃষ্টি হৈছে।

Related News