NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

November 5, 2021 6:46 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update বৃহস্পতিবাৰৰ দিনটোত অসমত কোভিডত আক্ৰান্তৰ হাৰ পুনৰ ১ শতাংশৰ ওপৰলৈ উঠিছে যদিও সুস্থতাৰ হাৰ এতিয়াও স্বস্তিদায়ক বুলি ক’ব পাৰি। অৱশ্যে ৰাজ্যখনত কোভিড পৰীক্ষাৰ হাৰ যথেষ্ট কম হোৱা দেখা গৈছে।

এই দিনটোত ৰাজ্যত সৰ্বমুঠ ১৬,০২২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ১৬৯ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, বৃহস্পতিবাৰে কোভিড সংক্ৰমণৰ হাৰ হৈছে ১.০৫ শতাংশ।

কামৰূপ মেট্ৰ’ত এই দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮৩গৰাকী।

২৪ ঘন্টাত ৰাজ্যত ৪ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত ৰোগীৰ সুস্থতাৰ হাৰ হৈছে ৯৮.৪৬ শতাংশ।

কোভিড সংক্ৰমণৰ বাবে ৰাজ্যৰ কেইবাখনো বিদ্যালয়কে ধৰি আন কেইবাটাও স্থানতো কন্টেইনমেন্ট জন ঘোষণা কৰা হৈছে।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমত পুনৰ লকডাউনৰ সম্ভাৱনা একপ্ৰকাৰ নুই কৰি আহিছে।

ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা কোভিড SOP অনুসৰি নিশা ১০ বজালৈ খোলা ৰখা হৈছে দোকান-পোহাৰ।

নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। 

শেহতীয়াকৈ অসম আৰু পশ্চিমবংগত কোভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰই পত্ৰযোগে ৰাজ্য দুখনক সতৰ্ক কৰিও দিছে। 

Related News