NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2021 9:09 pm
ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে। কিন্তু মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৯৯২ গৰাকী লোক। এই সময়ছোৱাত ১,২০,৯০৮ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২৬৩ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.৬৫ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৫.৩২ শতাংশ

ৰাজ্যত আন্ত:জিলা যাতায়ত এতিয়াও বন্ধ ৰখা হৈছে। আনহাতে, কাইলৈৰ পৰা নতুন এছঅ’পি বলবৎ হোৱাৰ সম্ভাৱনা আছে।