NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ৮৭৬ গৰাকী লোক কোভিডত আক্ৰান্ত, ২ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2021 8:54 am
COVID19-image-credit-Odishatv-750x375

ক’ৰ’নাৰ সংক্ৰমণে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে অসমতো।

বিগত ২৪ ঘণ্টাত অসমত ৮৭৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ কৰা ৪৩,২৬৮ টা কোভিড পৰীক্ষাত ৮৭৬ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়।

ৰাজ্যত এতিয়া কোভিড পজিটিভিটিৰ হাৰ ২,০২ শতাংশ বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে কেৱল কামৰূপ মেট্ৰ’তে বিগত ২৪ ঘণ্টাত ৩৬০ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে।এই সময় ছোৱাত ১৪৯ গৰাকী লোকক ৰোগমুক্তিৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

ৰাজ্যত বৰ্তমান ৪,৭৯৪ গৰাকী সক্ৰিয় কোভিড ৰোগী থকা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অসমত এতিয়ালৈকে ৭৮,০৭,৫৬০  টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

একেদৰে ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা মুঠ লোকৰ সংখ্যা হৈছে১,১২৯ গৰাকী।অসমত আৰোগ্যৰ হাৰ ৯৬.৭৫ শতাংশ হৈছে।