NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2021 8:30 pm
Covid-test-image

সংক্ৰমণৰ ধাৰা অব্যাহত ৰাখি আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰতে আছে।

ফলত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ বিশেষ দেখা যোৱা নাই।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২১গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৬৪৪ গৰাকী লোক। এই সময়ছোৱাত ১,০৬,৭৬০ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৬৮ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ২.৪৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৪.৭২ শতাংশ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে এসপ্তাহৰ বাবে নতুন এছঅ’পি জাৰি কৰিছে আৰু মুঠ ৭খন জিলাত সম্পূৰ্ণ লকডাউন চলি আছে।

আনহাতে, ৰাজ্যত আন্ত:জিলা যাতায়ত এতিয়াও বন্ধ ৰখা হৈছে।