NORTHEAST NOW (Assamese)
অসম

Coronavirus Assam Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; ২৪ ঘন্টাত মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2021 6:51 am

Coronavirus Assam Update শনিবাৰৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে আছে।

এই দিনটোত ৰাজ্যত সৰ্বমুঠ ৩৯,৮০৮টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ২৮৩ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৭১ শতাংশ।

কামৰূপ মেট্ৰ’ত শনিবাৰে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১০৮ গৰাকী।

২৪ ঘন্টাত ৰাজ্যত ৪ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.৪১ শতাংশ।

কোভিড সংক্ৰমণৰ বাবে ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। সেইদৰে আন কেইবাটাও অঞ্চলকো কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমত পুনৰ লকডাউনৰ সম্ভাৱনা একপ্ৰকাৰ নুই কৰিছে।

ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা কোভিড SOP অনুসৰি নিশা ১০ বজালৈ খোলা ৰাখিব পৰা যাব দোকান-পোহাৰ।

নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে।