NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুনকৈ ৩,৬৫০গৰাকী লোক কৰ’নাত আক্ৰান্ত; ৫৬গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 7:06 am
med-640x375

ৰাজ্যৰ কোভিড পৰিস্থিতি উদ্বেগজনক হৈয়েই আছে। যোৱা ২৪ ঘন্টাত কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৫৬ গৰাকী লোকৰ প্ৰাণ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত নতুনকৈ আক্ৰান্ত হৈছে ৩,৬৫০গৰাকী লোক।

এই নতুন আক্ৰান্ত ধৰা পৰিছে ৪২৮৮৪ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১৯৭ গৰাকী লোক। কোভিড পজিটিভিটিৰ হাৰ হৈছে ৮.৫১ শতাংশ। এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৫.৭৩ শতাংশ।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই তথ্য সদৰী কৰিছে।

ইপিনে, শনিবাৰে ৰাজ্যত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ৬৩গৰাকী। সেইদৰে আক্ৰান্ত হৈছিল ৫,৩৪৭গৰাকী লোক।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ নিশাও সংকটজনক কোভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।