NORTHEAST NOW (Assamese)

অৰুণাচলত সেনা, আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত দুজন এন এছ চি এন(আৰ) কেডাৰ আটক

June 20, 2020 7:09 pm · এন ই নাও নিউজ
আটক হোৱা কেডাৰ দুগৰাকী

ভাৰতীয়ে সেনা বাহিনীৰ নেতৃত্বত অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অভিযানত চলাই ১৯ জুনত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাংখোত দুগৰাকী এন এছ চি এন(আৰ) কেডাৰক আটক কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অভিযানকাৰী দলটোৱে এন এছ চি এন কেডাৰ দুজনক আটক কৰিবলৈ সক্ষম হয়।

অভিযানকালত আটক হোৱা এন এছ চি এন(আৰ) কেডাৰ দুগৰাকী ক্ৰমে এছ এছ প্ৰাইভেট থুংগচম নেগমু আৰু এছ এছ প্ৰাইভেট ৱাংফিক খোহোই বুলি চিনাক্ত কৰা হয়।

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আটকাধীন এন এছ চি এন (আৰ) কেডাৰ দুগৰাকীয়ে জিলাখনত উগ্ৰবাদী কাৰ্য্যকলাপ সক্ৰিয় কৰাত জড়িত হৈ আছিল বুলি জানিবলৈ দিয়ে।

আনহাতে, অভিযানৰ সময়ত সেনা বাহিনী আৰু অসম ৰাইফলছৰ দলটোৱে আটক হোৱা উগ্ৰপন্থী দুজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এটা ৭.৬৫ এম এম পিষ্টল আৰু সাত জাঁই সজীৱ গুলী জব্দ কৰে।

অভিযানকাৰী দলটোৱে আটক হোৱা এন এছ চি এন(আৰ) কেডাৰ দুজনৰ লগতে জব্দ হোৱা অস্ত্ৰ-শস্ত্ৰ খিনি চাংলাং আৰক্ষী থানাৰ হাতত গটাই দিয়ে।

আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে কেডাৰ দুগৰাকীক জেৰা অব্যাহত ৰাখিছে।

Related News