NORTHEAST NOW (Assamese)

লুইতৰ বুকুয়েদি উজাই আহি আছে ‘শংকৰদেৱ’

December 9, 2018 11:14 pm · এন ই নাও নিউজ
Updated: December 9, 2018 11:18 pm
ক’লকাতাত যাত্ৰা আৰম্ভ ‘শংকৰদেৱ’ৰ। ছবি- kolakata24x7ৰ।

লুইতৰ বুকুয়েদি অসম অভিমুখে ক’লকাতাৰ পৰা আহি আছে ৰ’ ৰ’ জাহাজ শংকৰদেৱ।

ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ কৰ্তৃপক্ষৰ উপ সঞ্চালক প্ৰবীৰ পান্দেই শনিবাৰে ক’লকাতাত পতাকা জোকাৰি যাত্ৰাৰ সেউজ সংকেত দিয়ে ৰ’ ৰ’ জাহাজখনক।

লুইতৰ বুকুত মাজুলীৰ পৰা যোৰহাটৰ নিমাতী ঘাটলৈকে চলিব লগা এই ৰ’ ৰ’ জাহাজখন ২৫ টনৰ ১২খন ত্ৰাকসহ ২০০ যাত্ৰী কঢ়িয়াব পৰাকৈ সক্ষম।

ৰ’ ৰ’ জাহাজ কি জানিবলৈ পঢ়ক– ৰ’ ৰ’ জাহাজ

জাহাজখনৰ যাত্ৰা শুভাৰম্ভ কৰি পান্দেই কয়, “এই ৰ’ ৰ’ জাহাজসমূহে গংগা, ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীসমূহত দলঙৰ বিকল্প হিচাপে ব্যাপকভাৱে কম খৰচী পৰিবহণৰ ব্যৱস্থা কৰিব পাৰে।”

‘শংকৰদেৱ’ৰ উপৰি লুইতৰ বুকুয়েদি অসমত ইতিমধ্যে চলি আছে ‘গোপীনাথ’ আৰু ‘ভূপেন হাজৰিকা’ নামৰ আন দুখন ৰ’ ৰ’ জাহাজ।

ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত চলা গোপীনাথে দুই ঠাইৰ ভ্ৰমণ দূৰত্ব ১৯০ কি.মি. লৈকে হ্ৰাস কৰিছে।

মাজুলী আৰু নিমাতী ঘাটৰ মাজত পূৰ্বৰ পৰাই চলি আছে ‘ভূপেন হাজৰিকা’ নামৰ ৰ’ ৰ’ জাহাজখন।

Related News