NORTHEAST NOW (Assamese)
অসম

হােজাইত হ’বলগীয়া কার্যনির্বাহক অধিৱেশন পিছুৱালে অসম সাহিত্য সভাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 9:37 am
asomsahityasabha-570x320

অসমৰ সাম্প্রতিক অগ্নিগর্ভা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা ১৫ ডিচেম্বৰত হোজাইত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ সপ্তম কার্যনির্বাহক অধিৱেশনখন দিন পিছুৱা হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাই এই কথা জানিবলৈ দিয়ে।

বিজ্ঞপ্তিটোত জনোৱা মতে এই অধিৱেশনতে ২০২০-২২ বৰ্ষৰ কার্যকালৰ সভাপতি, উপ-সভাপতি আৰু প্রধান সম্পাদকৰ নিৰ্বাচনৰ ভোট গণনা সম্পন্ন হ’লহেতেন।

কিন্তু সমগ্ৰ ৰাজ্যত কেবৰ বিৰুদ্ধে হৈ থকা প্রবল প্রতিবাদৰ প্ৰতি লক্ষ্য ৰাখি তথা জাতিৰক্ষাৰ হকে ৰাইজৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বৰ্তমান সময়ত ভোটগণনা বা এনেলেখিয়া অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লয়।

পিছত পৰিস্থিতি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিলে কার্যনির্বাহক অধিৱেশনৰ নতুন তাৰিখ ঘোষণা কৰা হ’ব।

আনহাতে বিবৃতিটোত সাহিত্য সভাই সভাৰ ‘প্ৰতিগৰাকী কৰ্মী, সদস্যৰ লগতে জাতিক ভালপোৱা, ভাষাক ভালপোৱা সর্বক্তৰ জনগণক’ অহিংস আৰু গণতান্ত্রিকভাৱে কেবৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।