NORTHEAST NOW (Assamese)

দেশৰ কয়াল খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পনৰ প্ৰসংগেৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম সংগ্ৰামী মঞ্চৰ

June 16, 2020 9:10 pm · দীপজ্যোতি শৰ্মা

আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ নামত কেন্দ্ৰীয় চৰকাৰে দেশৰ কয়লা খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৫০০ খন কয়লা ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰে ইতিমধ্যে নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পদক্ষেপক তীব্ৰ ভাষাৰে প্ৰতিবাদ জনায় অসম সংগ্ৰামী মঞ্চই লগতে এই সিদ্ধান্ত বাতিল কৰিবলৈ অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যবাহী সভাপতি অদীপ কুমাৰ ফুকনে দাবী জনায় ৷

এক বিবৃতি যোগে, কোঁৱৰ আৰু ফুকনে কয়, ‘‘সমগ্ৰ দেশ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পদসমূহ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ১৮ জুনত ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে হ’ব নিলাম অনুষ্ঠান ৷ সমগ্ৰ দেশে প্ৰতিবাদ কৰাৰ পাছতো বিজেপি চৰকাৰে আৰম্ভ কৰিব বানিজ্যিক কয়লা নিলাম।’’

‘‘ৰাজহুৱা খণ্ডক নিলামৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ হাতত গটাবলৈ বিচৰা ব্যৱস্থাক গৌৰৱ কৰিব লগা বিষয় বুলি ব্যক্ত কৰিছে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷ কৰ্পৰেট গোষ্ঠীৰ হাতত কয়লা খণ্ডক দিব বিচৰাটো এক ঐতিহাসিক দিন বুলিহে বিজেপি চৰকাৰে গণ্য কৰিছে,’’ চৰকাৰক সমালোচনা  কৰি ফুকনে কয়।

গুৰুত্বপূৰ্ণ বিষয় হৈছে ব্যক্তিগত খণ্ডক সহায় কৰাৰ বাবে বিজেপি চৰকাৰে এই কয়লা নিলাম প্ৰক্ৰিয়া অতি সহজ কৰিছে বুলিও ফুকনে লগতে কয় ৷

এশ শতাংশ বিদেশী বিনিময় কৰাৰ সুযোগ দিয়াৰ স্বাৰ্থত নিলামৰ চৰ্ত সহজ কৰি দিছে বুলি কোঁৱৰ আৰু ফুকনে অভিযোগ কৰি ব্যক্তিগত গোষ্ঠীৰ হাতত গটাই দিয়াৰ স্বাৰ্থতে ক’ল ইণ্ডিয়াই মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰৰ কাম সম্পূৰ্ন বন্ধ ঘোষণা কৰিছে বুলি কয় ৷

কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থতে বিজেপিয়ে দিহিং পাটকাইট কয়লাৰ মুক্ত খনন আৰম্ভ কৰিব বিচাৰিছে আৰু পৰ্যায়ক্ৰমে উত্তৰ-পূবৰ আন কয়লা ক্ষেত্ৰ সমূহকো নিলামৰ অন্তৰ্ভূক্ত কৰিব বুলি অভিযোগ কৰে অসম সংগ্ৰামী মঞ্চই।

আনহাতে, দেশৰ সম্পদক অতি নগন্য মূল্যত ব্যক্তিগত গোষ্ঠীৰ হাতত দিব বিচৰাটো এক অক্ষমনীয় অপৰাধ বুলি কোঁৱৰ আৰু ফুকনে স্পষ্ট কৰি দিয়ে ৷

Related News