NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত প্ৰথমজন ক’ৰ’না ৰোগীৰ মৃত্যু

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 6, 2020 2:05 pm
শিৱসাগৰত প্ৰথমজন ক’ৰ’না ৰোগীৰ মৃত্যু

শিৱসাগৰত আজি প্ৰথমজন ক’ৰ’না ৰোগীৰ মৃত্যু হয়। মৃত ব্যক্তি জনৰ নাম তাজনুৰ আলি খান বুলি জানিব পৰা গৈছে।

৮২ বছৰ বয়সত মৃত্যুবৰণ কৰা তাজনুৰ আলী খানৰ ঘৰ শিৱসাগৰ জিলাৰ গৌৰিসাগৰত।

ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত ব্যক্তিজন হোম কুৱাৰেন্টাইনত আছিল।

বুধবাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হয়।

কিন্তু আজি পুৱা চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

পূৰ্বৰে পৰা ব্যক্তিজন বহুমুত্ৰ ৰোগত আক্ৰান্ত হৈ আছিল।

উল্লেখ্য যে শিৱসাগৰত বৰ্তমানলৈতে ৫৮৬ গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী পোৱা গৈছে।

ইয়াৰে ৩৬০ গৰাকী সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে। আৰু ২২১ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা তথ্য লাভ কৰা হৈছে।