NORTHEAST NOW (Assamese)
অসম

বছৰৰ প্ৰথম মাহতে শিক্ষক সমাৰোহেৰে গুৱাহাটী কঁপাব ৰাজ্যৰ প্ৰাথমিক শিক্ষকে

Posted by: এন ই নাও নিউজ December 17, 2018 8:00 am

নতুন বছৰৰ প্ৰথম মাহ জানুৱাৰীৰ ৯ তাৰিখে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক সমাৰোহেৰে কঁপাই তুলিব সমগ্ৰ গুৱাহাটী। প্ৰথমিক শিক্ষকৰ ১০ টাকৈ দাবী পূৰণৰ সমৰ্থনত এই শিক্ষক সমাৰোহ অনুষ্ঠিত হ’ব।

সমাৰোহখনৰ জৰিয়তে সপ্তম দৰমহা বিধি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰাপ্য, স্নাতক শিক্ষকৰ গ্ৰেড পে’, ঠিকা ভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণকে ধৰি মুঠ ১০ টা দাবী জনাব বুলি সন্মিলনৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে।

আনহাতে এই শিক্ষক সমাৰোহ সফল কৰাৰ বাবে অহা ২৩ ডিচেম্বৰত মহানগৰীৰ চানমাৰিস্থিত শিক্ষক ভৱনত ৰাজ্যিক কাৰ্যনিৰ্বাহকে বিস্তাৰিতভাৱে আলোচনা কৰিব বুলিও প্ৰধান সম্পাদকজনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই শিক্ষক সমাৰোহ পূৰ্বতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী স্থগিত ৰখা হৈছিল।