NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানলৈ ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় বঁটা

September 12, 2018 12:03 pm · এন ই নাও নিউজ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ে ভাৰত চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া যোজনাৰ অধীনত প্ৰতিষ্ঠানিক গঠন আৰু সক্ষমতা বৃদ্ধি শিতানত উন্নত প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

১১ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক উক্ত বঁটা প্ৰদান কৰে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হৈ অভিযানৰ ৰাজ্যিক সঞ্চালিকা নন্দিতা হাজৰিকা, ৰৌজী কে বৰুৱা আৰু ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপক  খগেন দত্তই মন্ত্ৰী গৰাকীৰ পৰা বঁটা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্ত্বাৱধানত গাঁও আৰু মণ্ডল পৰ্যায়ত ইতিমধ্যে দুই লাখতকৈ অধিক আত্মসহায়ক গোট গঠন কৰাৰ লগতে তেওঁলোকক লাগতিয়াল সকলো প্ৰশিক্ষণ প্ৰদান কৰি আত্মসংস্থাপিত হ’বলৈ সুবিধা প্ৰদান কৰা হৈছে।

কালি বঁটা প্ৰদান অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব অমৰজিৎ সিন্‌হা, যুটীয়া সচিব তথা দীনদয়াল অন্ত্যোদয়া যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া অটল দুল্লুৰ উপস্থিতিত থাকে।

Related News