NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত দুটা সোণৰ পদক সহ মুঠ পাঁচটা পদকেৰে জিলিকিল অসমৰ প্ৰতিভাৱান সন্তৰণবিদ আস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2019 12:24 pm
Astha Choudhuri

ৰাছিয়াত অনুষ্ঠিত দশম এছিয়া পেচিফিক যুৱ ক্ৰীড়া চেম্পিয়নশ্বপৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ আস্থা চৌধুৰীয়ে দুটা সোণৰ পদকেৰে সৈতে মুঠ পাঁচটা পদক দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আস্থাই ৰাছিয়াৰ ভ্লাদিভষ্টকত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ৪×৫০ মিটাৰ মিক্সড ফ্ৰী ষ্টাইল ৰেলী আৰু ৪×৫০ মিক্সড আই এম ৰেলীত সোণৰ পদক দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১০০ মিটাৰ ফ্ৰী ষ্টাইল, ২০০ মিটাৰ ফ্ৰী ষ্টাইল আৰু ১০০ মিটাৰ আই এমত ৰূপৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ ৰাষ্ট্ৰীয় সাঁতোৰ একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰতিভাৱান আস্থাৰ ঘৰ অসমৰ শিৱসাগৰত।

লগতে পঢ়ক : ‘টকিঅ’ অলিম্পিক-২০২০’ৰ প্ৰস্তুতি শিবিৰত অনুশীলন চলাইছে তিনিগৰাকী অসমীয়া ধনুৰ্বিদে

শিৱসাগৰৰ ৰূপম চৌধুৰী আৰু মনিকা চিৰিং চৌধুৰীৰ ১৪ বছৰীয়া কন্যাৰ সফলতাত এতিয়া গৃহ জিলাখনত আনন্দৰ জোৱাৰ উঠিছে।

উল্লেখযোগ্য যে, দুজন লৰা আৰু দুজনী ছোৱালীৰে গঠিত ভাৰতীয় সাঁতোৰ দলটোৰ অন্যতম সদস্য আছিল আস্থা চৌধুৰী।

আস্থাৰ লগতে ভাৰতীয় যুৱ সাঁতোৰ দলটোক প্ৰতিনিধিত্ব কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল ক্ৰমে- পশ্চিম বংগৰ জাহ্নবি, স্বদেশ মণ্ডল আৰু হাৰিয়ানাৰ বীৰ কাথকেৰে।

৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত চলিবলগীয়া প্ৰতিযোগিতাখনত ভাৰতীয় যুৱ সাঁতোৰ দলটোৰ প্ৰশিক্ষকগৰাকীয়ে  আস্থাৰ প্ৰদৰ্শনৰ উচ্চ প্ৰশংসা কৰে।