অসম শ্ৰেষ্ঠ গণৰাজ্য দিৱসত প্ৰদৰ্শিত ২২টা প্ৰতীক পটৰ ভিতৰত

অসমবাসীৰ বাবে এটা ভাল খবৰ। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা অসমৰ প্ৰতীক পটে প্ৰথম পুৰস্কাৰ লাভ কৰিছে।
গণৰাজ্য দিৱসত ১৬খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত এলেকা আৰু ছটা মন্ত্ৰ্যালয়/ বিভাগৰ প্ৰতীক পট সমূহৰ মাজৰ পৰা অসমৰ প্ৰতীক পটে প্ৰথম পুৰস্কাৰ লাভ কৰা বুলি সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সদৰী কৰে।
উল্লেখ্য যে এইবাৰ অসমৰ প্ৰতীক পটত আছিল বাঁহ-বেতৰ কাৰিকৰীৰ লগতে ঢোল-পেঁপা, ভোৰ তাল নৃত্য, জনজাতীয় শিপিনী আৰু সত্ৰীয়া সংস্কৃতি।
যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশে। উত্তৰ প্ৰদেশে লাভ কৰিছে তৃতীয় স্থান।
এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত মুঠ ২২টা প্ৰতীক পট প্ৰদৰ্শিত হৈছিল।
জানিব পৰা মতে আজি নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পুৰস্কাৰ প্ৰাপ্ত ৰাজ্যসমূহক এই বঁটা প্ৰদান কৰিব।