NORTHEAST NOW (Assamese)
অসম

নকল ধৰা ইন্সপেক্টৰক প্ৰহাৰ অসমৰ শিক্ষকৰ

Posted by: এন ই নাও নিউজ December 21, 2018 11:46 pm
D.El.Ed assam

শিক্ষকৰ সৰ্বভাৰতীয় বাধ্যতামূলক পৰীক্ষা ডি এল এদৰ পৰীক্ষাৰ্থীৰ প্ৰহাৰত আহত হ’ব লগীয়া হৈছে হাইলাকান্দিৰ স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝা।

বৰাকৰ জিলাখনৰ মোহনাপুৰ এলেকাৰ প্ৰেমলোচন হাইস্কুল পৰীক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। আনহাতে ইন্সপেক্টৰজনক প্ৰহাৰ কৰাত বাধা দিবলৈ গৈ নিজেও প্ৰহৃত হ’ব লগা হয় কেন্দ্ৰটোৰ সমন্বয়কগৰাকী।

ঘটনা সংঘটিত হোৱাৰ লগে লগে কেন্দ্ৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পৰীক্ষাৰ্থী শিক্ষকসকলৰ হাতৰ নকল আৰু ম’বাইল ফ’নসমূহো জব্দ কৰে আৰক্ষীয়ে।

ঝাই তৎকালে উৰ্ধ্বতন কৰ্তৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে আৰু কেন্দ্ৰটোৰ পৰীক্ষা বাতিল কৰা হয়।

ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে কোনো এজাহাৰ দাখিল কৰা নাই।